Posts

Showing posts from October, 2018

তথ্য-প্ৰযুক্তি আৰু কৰ্মসংস্থাপন

বিংশ শতিকাৰ কম্পিউটাৰ বিজ্ঞানৰ চমকপ্ৰদ উন্নয়ন আৰু ইণ্টাৰনেটৰ বিস্ফোৰণে তথ্য-প্ৰযুক্তি (Information Technology) উদ্যোগত সমগ্র বিশ্বৰ বাবে মুকলি কৰিলে কৰ্ম সংস্থাপনৰ পথ । আমেৰিকান চৰকাৰৰ শ্ৰম বিভাগৰ (U.S. Bureau of Labor Statistics) মতে তথ্য-প্ৰযুক্তি উদ্যোগত ২০২০ চনলৈ ২২% নিয়োগ বৃদ্ধিৰ সম্ভাৱনা আছে | অনাগত ১০ বছৰত আনবোৰ উদ্যোগৰ তুলনাত তথ্য-প্ৰযুক্তি উদ্যোগত সকলোতকৈ অধিক নিয়োগ বৃদ্ধিৰ অনুমান কৰা হৈছে। এই উদ্যোগত কেৰিয়াৰৰ উজ্জ্বল ভৱিষ্যত আছে আৰু পাৰিশ্ৰমিকো বেছি। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখন বহুত বিশাল আৰু ইয়াৰ ভিতৰত আৰু বহুতো বৃহৎ বিভাগ সোমাই আছে । Programming , database architecture designing, machine learning, gaming, cloud computing, artificial intelligence আদিবোৰ হ'ল এনে কিছুমান বিভাগ। এনেবোৰ বিভাগ একো একোটা বৃহৎ উদ্যোগ। অধ্যৱসায় আৰু গৱেষণাৰ মাজেৰে আমি নিজকে এনেকুৱা এটা উদ্যোগৰ কাৰ্য্যক্ষম কৰি তুলিব পাৰোঁ। আমাক মাথোঁ উপযুক্ত জ্ঞানৰ প্ৰয়োজন। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আনুষ্ঠানিক শিক্ষা, ডিগ্ৰী বা মানপত্ৰৰ বিশেষ প্ৰয়োজন নাই। আজিকালি প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে আটাইতকৈ অধিক গ...