তথ্য-প্ৰযুক্তি আৰু কৰ্মসংস্থাপন
বিংশ শতিকাৰ কম্পিউটাৰ বিজ্ঞানৰ চমকপ্ৰদ উন্নয়ন আৰু ইণ্টাৰনেটৰ বিস্ফোৰণে তথ্য-প্ৰযুক্তি (Information Technology) উদ্যোগত সমগ্র বিশ্বৰ বাবে মুকলি কৰিলে কৰ্ম সংস্থাপনৰ পথ । আমেৰিকান চৰকাৰৰ শ্ৰম বিভাগৰ (U.S. Bureau of Labor Statistics) মতে তথ্য-প্ৰযুক্তি উদ্যোগত ২০২০ চনলৈ ২২% নিয়োগ বৃদ্ধিৰ সম্ভাৱনা আছে | অনাগত ১০ বছৰত আনবোৰ উদ্যোগৰ তুলনাত তথ্য-প্ৰযুক্তি উদ্যোগত সকলোতকৈ অধিক নিয়োগ বৃদ্ধিৰ অনুমান কৰা হৈছে। এই উদ্যোগত কেৰিয়াৰৰ উজ্জ্বল ভৱিষ্যত আছে আৰু পাৰিশ্ৰমিকো বেছি। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখন বহুত বিশাল আৰু ইয়াৰ ভিতৰত আৰু বহুতো বৃহৎ বিভাগ সোমাই আছে । Programming , database architecture designing, machine learning, gaming, cloud computing, artificial intelligence আদিবোৰ হ'ল এনে কিছুমান বিভাগ।
এনেবোৰ বিভাগ একো একোটা বৃহৎ উদ্যোগ। অধ্যৱসায় আৰু গৱেষণাৰ মাজেৰে আমি নিজকে এনেকুৱা এটা উদ্যোগৰ কাৰ্য্যক্ষম কৰি তুলিব পাৰোঁ। আমাক মাথোঁ উপযুক্ত জ্ঞানৰ প্ৰয়োজন। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আনুষ্ঠানিক শিক্ষা, ডিগ্ৰী বা মানপত্ৰৰ বিশেষ প্ৰয়োজন নাই। আজিকালি প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে আটাইতকৈ অধিক গুৰুত্ব দিয়ে ব্যক্তিত্ব আৰু প্ৰজেক্ট নিৰ্মাণৰ অভিজ্ঞতাত। উদাহৰণ স্বৰূপে গুগল, ফেচবুকৰ কথাই কব পাৰি। এনেবোৰ প্ৰতিস্থানত ১৫ বছৰীয়া লৰা-ছোৱালীৰপৰা আদি কৰি কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু ৩০ বছৰৰ কৰ্ম অভিজ্ঞতা থকা ব্যক্তিয়েও কাম কৰে। আমেৰিকাৰ কেলিফৰ্নিয়াস্থিত Silicon Valley ৰ বেছিভাগ কোম্পানীত সম্পূৰ্ণ জ্ঞান আৰু অভিজ্ঞতাৰ উপৰত ভিত্তি কৰি কৰ্মচাৰী নিৰ্বাচিত কৰা হয়, আনুষ্ঠানিক শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰা নহয়। টেছলা মটৰছ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে বক্তব্য আগবঢ়াইছে যে তেওঁ হেনো অনুষ্ঠানিক শিক্ষাৰ ওপৰত গুৰুত্ত্ব নিদিয়ে। এটা সাক্ষাৎকাৰত তেওঁ কৈছে যে তেওঁ হেনো ষ্টিভ জবছ আৰু বিল গেটছ , এই দুগৰাকী বিশ্ববিখ্যাত college dropout ব্যৱসায়ীৰ সৈতে কাম কৰিবলৈ পালে সুখী হলহেঁতেন। কিন্তু, যদি আপোনাৰ এটা নিৰ্দিষ্ট বিষয়ত গভীৰ অধ্যয়ন আছে, তেনেহ'লে আপুনি নিজেই সেই বিষয়ত ব্যৱসায় আৰম্ভ কৰিব পাৰে।
বৰ্তমান সকলোতকৈ অধিক নিয়োগ সৃষ্টিকাৰী কেইটামান ক্ষেত্ৰ হৈছে Artificial Intelligence, data science , machine learning, designing, cloud computing, market analyst, database architecture, web development, mobile app development, gaming, infrastructure maintenance ইত্যাদি । তলত তথ্য-প্ৰযুক্তিৰ কেইটামান ক্ষেত্ৰৰ থুলমূল আভাস দিয়া হ'ল।
প্ৰগ্ৰেমিং(Programming):
প্ৰগ্ৰেমিং লেংগুৱেজৰ বিকাশৰ কাৰণেই বিজ্ঞানে আজিৰ পৰ্যায়ত আহি উপনীত হব পৰিছে। কম্পিউটাৰ, টেলিভিশ্বন, ছুপাৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ, আদিবোৰৰ অপাৰেটিং ছিষ্টেমবোৰৰ লগতে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা মোবাইল এপছবোৰ প্ৰগ্ৰেমিং লেংগুৱেজৰ সহায়ত বিকাশ কৰা হৈছে। সেয়েহে প্ৰগ্ৰেমিং নিয়োগ সৃষ্টিকাৰী এক অন্যতম উদ্যোগ। কেৱল ইণ্টাৰনেট ব্যৱহাৰ কৰিয়েই প্ৰগ্ৰেমিং লেংগুৱেজ শিকিব পাৰি। tutorialspoint.com, khanacademy.org, udacity.com, udemy.com, এইসমূহ ৱেবচাইট প্ৰগ্ৰেমিং শিকিবলৈ উপযুক্ত ঠাই।
মেচিন লাৰ্নিং(Machine learning):
তথ্য-প্ৰযুক্তিত মেচিন লাৰ্নিং বা চমুকৈ ML এক যুগান্তকাৰী উদ্ভাৱন। মেচিন লাৰ্নিঙে বহুতো বিজ্ঞানীক নবেল বঁটা পোৱাত সহায় কৰিছে। voice recognition, text recognition, language translation, image searching আদিবোৰ মেচিন লাৰ্নিঙৰ বাবে সম্ভৱ হৈছে। GPU ৰ বিকাশ আৰু কম্পিউটাৰ হাৰ্ডৱেৰ ক্ষমতা বাঢ়ি যোৱাৰ বাবে বৰ্তমান সহজ আৰু কম খৰছতে AI Products (artificial intelligence) সমূহ নিৰ্মাণ কৰিবপৰা যায়। মেচিন লাৰ্নিঙৰ বাবে Python programming language ব্যৱহাৰ কৰাটো সকলোতকৈ লাভজনক। ইয়াৰ কাৰণ হৈছে ML ত ব্যৱহাৰ হোৱা বেছিভাগ Library আৰু API python language ৰে বনোৱা হৈছে। ML ৰ বাবে গণিতৰ Linear Algebra, Calculus, Probability আদিবোৰ বিষয়ৰ লগতে Google Tensorflow, Keras, Theano, Scikit-learn আদি Python library ৰ জ্ঞান থকাটো অতি গুৰুত্বপূৰ্ণ। Tensoftlow নামৰ ML library টো ব্যৱহাৰ কৰি বিখ্যাত জাহাজ,গাড়ী আৰু উৰাজাহাজ নিৰ্মাণ কোম্পানী Rolls-Royce য়ে সাগৰ পৃষ্ঠৰ ওপৰত মিছাইল চিনাক্তকৰণৰ এটা স্বয়ংচালিত প্ৰক্ৰিয়া বিকাশ কৰিছে। elitedatascience.com, tensorflow.org, neuralnetworksanddeeplearning.com, kaggle.com আদি ৱেবছাইটত মেচিন লাৰ্নিঙৰ বিষয়ে পঢ়িব পৰা যায়।
ক্লাউড কম্পিউটিং(Cloud computing):
ইন্টাৰনেট জনপ্ৰিয় হৈ উঠাৰ পিছত cloud computing বিশাল উদ্যোগত পৰিণত হয় আৰু এইটো উদ্যোগত কর্ম সংস্থাপন দ্রুত গতিত বৃদ্ধি পায়। বর্তমান ছছিয়েল মিডিয়া, বেংক, অফিচ, ব্যৱসায় প্ৰতিষ্ঠান আদিয়ে data storage/backup বা তথ্য সুৰক্ষাৰ বাবে ক্লাউড কম্পিউটিং সেৱা ব্যৱহাৰ কৰে। আমাজন, মাইক্ৰছফ্ট, গুগল, ডিজিটেল অচিয়েন আদি কোম্পানীয়ে লাখ লাখ ব্যৱসায়ৰ বাবে ক্লাউড সেৱা আগবঢ়াইছে। ক্লাউড কম্পিউটিং উদ্যোগত কাম কৰিবলৈ database, data warehouse আৰু security system ৰ ওপৰত জ্ঞান থকাটো অত্যাৱশ্যকীয়। MySql, MongoDB, Redis, Hbase এইবোৰ বিভিন্ন database ৰ নাম। আজিকালি big data ৰ বাবে এটা অন্যতম প্ৰযুক্তি হৈছে Hadoop Distributed File System (HDFS). দৈনিক petabyte ডাটা সৃষ্টি কৰা বহুত প্ৰতিষ্ঠান HDFS ৰ ওপৰত নিৰ্ভৰশীল।
ৱেব ডেভেলপমেণ্ট (web development):
ৱেব ডেভেলপমেণ্ট শিকিবলৈ তুলনামূলকভাৱে সহজ। ৱেব ডেভেলপমেণ্টৰ বাবে Html, css, javascript, php আদি লেংগুৱেজৰ জ্ঞান থকা অত্যাৱশ্যকীয়। ReactJS, AngularJS, Jquery আদিবোৰ framework য়ে ৱেব ডেভেলপমেণ্টৰ গতি তীব্রতৰ কৰি তুলিছে। w3schools.com, udemy.com, tutorialspoint.com এইবোৰ ৱেবচাইটত আমি ৱেব ডেভেলপমেণ্টৰ বিষয়ে পঢ়িব পৰোঁ।
মোবাইল এপ ডেভেলপমেণ্ট (Mobile app development): ইণ্টাৰনেটৰ জনপ্রিয়তাই মোবাইল এপ ডেভেলপমেণ্টৰ বিপ্লৱৰ সূচনা কৰে। মোবাইল এপ সাজি উলিয়াবলৈ java, kotlin, swift, javascript আদিবোৰ প্ৰগ্ৰেমিং লেংগুৱেজ ব্যৱহাৰ হয়। আজিকালি React Native, Flutter আদিবোৰ cross platform framework য়ে বিশেষ জনপ্রিয়তা লাভ কৰিছে, কাৰণ ইয়াক ব্যৱহাৰ কৰি এটা source code ৰে Android আৰু iOS এপ সাঁজিব পাৰি।বৰ্তমান আটাইতকৈ বেছিকৈ ব্যৱহাৰ হোৱা Android app development ৰ বিষয়ে developer.android.com ত পঢ়িব পাৰিব। whatsapp, uber, snapchat, instagram, truecaller আদিবোৰ এপে বৃহৎ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। playstore আৰু appstore ত এপ প্ৰকাশ কৰি আপুনিও ব্যৱসায় কৰিব পাৰে।
কম্পিউটাৰ বিজ্ঞানৰ সৈতে জড়িত বিষয়বোৰৰ সবিশেষ তথ্য ইন্টাৰনেটত উপলব্ধ। আজিকালি অনলাইন certification course কিছুমানে বিশেষ গুৰুত্ব লাভ কৰিছে। teamtreehouse.com, udemy.com, udacity.com , w3schools.com আদিবোৰ ৱেবছাইটত certification course কৰিব পৰা যায়। ই আপোনাক কৰ্ম সংস্থাপনত সহায় কৰিব পাৰে। বৰ্তমান freelancer.com দৰে ৱেবচাইটৰ যোগেদি অন্য প্ৰতিস্থান বা ব্যক্তিৰ ছফ্টৱেৰ প্ৰজেক্টত কাম কৰিও উপাৰ্জন কৰিব পাৰি। কম্পিউটাৰ প্ৰগ্ৰেমিং এটা জটিল বিষয় বুলি বেছিভাগৰে এটা ভ্ৰান্ত ধাৰণা আছে বা ভুল প্ৰশিক্ষণৰ বাবে মনত তেনে এটা ধাৰণাৰ সৃষ্টি হৈছে। কিন্তু সকলোতকৈ ভাল খবৰ এইটোৱে যে কম্পিউটাৰ প্ৰগ্ৰেমিং শিকিবলৈ কোনো প্ৰাৰম্ভিক জ্ঞানৰ প্ৰয়োজন নাই আৰু প্ৰথম অৱস্থাত জটিল যেন লাগিলেও পিছলৈ প্ৰগ্ৰেমিং সহজ হৈ পৰে। কলা বা বিজ্ঞান, দুয়োটা শাখাৰ ছাত্র-ছাত্ৰীয়ে প্ৰগ্ৰেমিং শিকিব পাৰে।
ইণ্টাৰনেটত পোৱা তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী software developer ৰ উপাৰ্জন বছৰি গড়ে ৮০,০০০ ডলাৰতকৈ বেছি। তথ্য-প্ৰযুক্তি সেইবাবে জীৱিকাৰ পথ হব পাৰে আৰু এইটো উদ্যোগৰ চাহিদা বাঢ়ি গৈ আছে। এই উদ্যোগ নতুন উদ্ভাৱনৰ বাবেও উপযুক্ত। বৃহৎ তথ্য-প্ৰযুক্তি প্ৰতিস্থানসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ বিজ্ঞানী, অভিযন্তা সকলে একেলগে কাম কৰে আৰু ফলত এক সুন্দৰ উদ্ভাৱনমুখী পৰিবেশৰ সৃষ্টি হয়।
। দেখা গৈছে যে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত ব্যৱসায়িকভাৱে আটাইতকৈ সফল ব্যক্তিসকলে নিজেই কোম্পানীৰ প্রতিষ্ঠা কৰিছে। তেওঁলোকে নিজেই জন্ম দিয়া প্ৰতিস্থানত কৰ্মচাৰীৰ দায়িত্ব পালন কৰিছে। তেনেস্থলত নিজৰ কাম আৰু গৱেষণাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা পোৱা যায়।
কিছুমান তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানে নিযুক্তিৰ বাবে স্নাতক নাইবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থী বিচাৰে। কিন্তু ডিগ্ৰী সবাতোকৈ গুৰুত্বপূৰ্ণ নহয়। আপোনাৰ যদি সেই অৰ্হতা নাই নিৰাশ হবলগীয়া কোনো কাৰণ নাই। আমেৰিকাৰ ছিলিকন ভেলীৰ সফল ব্যক্তি সকলৰ বহুতৰেই কোনো আনুষ্ঠানিক ডিগ্ৰী নাই। Microsoft ৰ বিল গেটছ, Apple ৰ ষ্টিভ জবছ, Oracle ৰ লেৰী এলিচন, Dell ৰ মাইকেল ডেল, Wikileaks ৰ প্ৰতিস্থাপক জুলীয়ান আছাঞ্জ, Twitter ৰ ইভানছ উইলিয়ামছ, Facebook ৰ মাৰ্ক জুকাৰবাৰ্গ, whatsapp r ইয়ান কম, উবেৰৰ ট্রেভিছ কালানিক, এওঁলোক সকলোৱে college dropout কিন্তু সফল ব্যক্তি । বৰ্তমান প্ৰতিযোগিতাৰ দিনত উদ্ভাৱসকলে প্ৰযুক্তিবিদ্যাৰ জ্ঞানৰ লগতে আন কিছুমান গুণৰ অধিকাৰী হোৱাটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, বিনিয়োগকাৰীৰ আগত নিজৰ ধাৰণাক সুন্দৰভাৱে দাঙি ধৰা, বজাৰৰ, সংস্কৃতি, মনস্তাত্বিক বিষয়ৰ ওপৰত অধ্যয়ন কৰা, আদিবোৰ। গতিকে ইণ্টাৰনেটৰ সুবিধা ব্যৱহাৰ কৰি একেবাৰে কম খৰছতে নিজকে তথ্য-প্ৰযুক্তি উদ্যোগৰ বাবে উপযুক্ত কৰি তুলিব পাৰোঁ আৰু উপাৰ্জনৰ পথো মুকলি কৰিব পাৰোঁ।
লিখকৰ বিষয়ে:
ইন্দ্ৰনীল তালুকদাৰ ছফ্টৱেৰ নিৰ্মাণ কোম্পানী(Start up) ইনভিছনৰ (Invision)ৰ প্ৰতিস্থাপক ।
৯৬৭৮৫১৭৩৩৭

Comments
Post a Comment